Show/Hide Keyboard Layout

লাডেন আছিল পলাই

- বাবু

কাঞ্চীৰে কাঞ্চীৰে প্ৰীত’ মেৰী চাঞ্চী

ৰুক যানা যা দিল তোড় কে ...

 

অলৌ গুটি তলৌ গুটি কচু গুটি লাই

যি হাতে গুটি আছে সেই হাতে পায় ...

 

অ’ লাডেন আছিল পলাই, গৈ পাকিস্তান

তোমাক পিছে পলাই লৈ যাম ৰাজস্থান

অহা আহিন মাহৰ পূৰ্ণিমা ৰাতি

কৈ থলো মই সঁচাকে তোমাক কথাটি

ঐ অঁকৰা বাপেৰে নিদিয়ে মোলৈ

পলোৱাই নিনিলে থাকিম বাৰু কেনেকৈ

বহিলে বহিব ৰাইজৰে মেল

তেতিয়ালৈ চলি যাব আমি উঠা ৰেল ।

ঝক ঝক ঝক ঝক ...

 

অ’ দিল্লী, গোৱা, বিহাৰ ঘূৰি ফুৰম গৈ

ফ’টো উঠিম সাগৰৰে পাৰত বহি লৈ

বুকুৰ মৰম যাচিম অপেন অপেন কৈ

কোনে বাৰ বাধা দিব তাতে আমাক গৈ

অ’ গোলাপী গোলাপী তোমাৰ দুগালত

পিটিকি পিটিকি চুমা দি যাম মৰমত

বহিলে বহিব ৰাইজৰে মেল

তেতিয়ালৈ চলি যাব আমি উঠা ৰেল ।

ঝক ঝক ঝক ঝক ...

 

অ’ আলু পিটিকা দালি ভাতৰ কাঁহীত লৈ

উদৰ পূৰাই খাম তোমাক কাষত বহাই লৈ

ৰৌ, ভকোৱা, আৰি, বৰালি, কাৱৈ

তোমাৰ প্ৰেমত জুতি পালে কিয় লাগে ঐ

অ’ মৰম হে কৰিছো, চুৰ কৰা নাই

কিনো জগৰ তাতে লাগে লাগক উপায় নাই

বুবু-বাবা কৰি ঘৰে ঘৰে গৈ

জ্বলা জনে জ্বলি মৰক আমাৰ প্ৰেমক লৈ ...

Hits: 1475